Job In Assam : Today's AssamCareer Advertisement

No 1 Job Website in Assam

Ask Your Qustions in Comment Section || আপোনালোকৰ প্ৰশ্নবোৰ Comment ত সোধক

May 10, 2021

SCERT Assam, Diploma in Elementary Education || FAQ

D.el.ed কৰিব বিচাৰি থকা সকলৰ বাবে এক সুখবৰ । SCERT য়ে D.el.ed ৰ pre entry test ৰ কাৰণে ১০ মে ৰ পৰা online আৱেদন গ্ৰহণ কৰিব । গতিকে যি সকলে চৰকাৰী ভাৱে কম খৰচত ডি এল এড কৰিব বিচাৰি আছে তেওঁলোকে সোনকালে আৱেদন কৰি ল'ব । ডি এল এড ৰ নামভৰ্ত্তি ৰ বিষয়ে সবিশেষ জানিবলৈ তলৰ কথাখিনি পঢ়ি চাব ।

deled
প্ৰশ্ন :- ডি.এল.এড. ক'ত কৰিব পাৰি ?
উত্তৰ : ডি.এল.এড. ৰ বাবে আমাৰ জিলাত DIET, B.T.C., Normal School নামেৰে তিনিখন চৰকাৰী প্ৰতিষ্ঠান আছে ।

প্ৰশ্ন :- ডি.এল.এড. ৰ শিক্ষাগত অৰ্হতা কি ?
উত্তৰ :- শিক্ষাগত অৰ্হতা বুলি ক'লে Higher Secondary উত্তীৰ্ণ সকলোৱে কৰিব পাৰে । তেওঁ Arts/Science/Commerce যিকোনো stream ৰ হ'লেও কোনো কথা নাই ।

প্ৰশ্ন : ডি.এল.এড. এডমিশ্যন কেনেকৈ কৰিব পাৰি ?
উত্তৰ :- এডমিশ্যন কৰাৰ আগতে আপোনালোকে প্ৰথমে এটা Pre Entry Test দিব লাগিব যিটো পৰীক্ষাৰ online apply জুন/জুলাই মাহত আৰম্ভ হ'ব আৰু আগষ্ট বা ছেপ্টেম্বৰ মাহত ইয়াৰ পৰীক্ষা অনুষ্ঠিত হ'ব । তাৰ কেইদিনমান পাছত ৰিজাল্ট ওলাব আৰু নাম আহিলে আপুনি এডমিশ্যন কৰিব পাৰিব । এডমিশ্যন হোৱাৰ আগতে counselling ৰ জৰিয়তে ওপৰত উল্লেখ কৰা তিনিওখন প্ৰতিষ্ঠানৰ পৰা ১ , ২, ৩ কৈ আপোনালোকে preference select কৰিব লাগিব ।

প্ৰশ্ন :- Entrance পৰীক্ষাৰ cut-off কেনেকুৱা হয় ?
উত্তৰ :- কাট-অফ entrance আৰু আপোনাৰ Higher Secondary ত লাভ কৰা percentage যোগ কৰি প্ৰকাশ কৰা হয় । অৰ্থাৎ যদি HS ত আপোনাৰ percentage 70 আৰু entrance ত ৬০ হয় তেন্তে আপোনাৰ মুঠ নম্বৰ হ'বগৈ ১৩০ । আৰু জিলাভেদে আৰু বছৰে বছৰে cut off বেলেগ বেলেগ হয় । সেয়ে আপুনি পৰীক্ষা দিয়া বছৰৰ ফলাফলৰ ওপৰত কাট অফ নিৰ্ভৰ কৰিব ।

প্ৰশ্ন :- entrance ত নিগেটিভ মাৰ্কিং থাকিব নে ?
উত্তৰ :- হয়, প্ৰতিটো ভুল উত্তৰৰ বিপৰীতে ০.২৫ নম্বৰ কৰ্তন কৰা হয়।

প্ৰশ্ন : Entrance ৰ syllabus কেনেধৰণৰ ?
উত্তৰ : বৰ কঠিন প্ৰশ্ন নাহে, নৱম-দশম শ্ৰেণীৰ গণিত, Reasoning, English Grammar ৰ উপৰি সাধাৰণ জ্ঞান আৰু কেইটামান current affairs প্ৰশ্ন আহিব ।

Download Syllabus

প্ৰশ্ন :- এডমিশ্যনত খৰচ কিমান হয় ?
উত্তৰ :- ডায়েটত প্ৰায় ৩০০০, বি.টি.চি. আৰু নৰ্মাল স্কুলত ১৩০০ ৰ ভিতৰত এডমিশ্যন হৈ যাব (কোনো কোনো কলেজত অলপ বেছি হয় ।) ।

আপোনালোকে বিচৰা প্ৰশ্নবোৰৰ উত্তৰ হয়তো পাই গৈছে, যদি অন্য কিবা জানিব লগা আছে

SCERT (Diploma in Elementary Education): Click Here

No comments:

Post a Comment